জাৰ্মান বিশ্ববিদ্যালয়ত আৰক্ষীৰ গুলীত নিহত আক্ৰমণকাৰী

জাৰ্মান বিশ্ববিদ্যালয়ত আৰক্ষীৰ গুলীত নিহত বন্দুকধাৰী। স্থানীয় সময় অনুসৰি মঙলবাৰে বিয়লি জাৰ্মানীৰ মানহাইম বিশ্ববিদ্যালয়ৰ অৰ্থনীতি অনুষদৰ ভৱনৰ পুথিভঁৰালত সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ মতে, জাৰ্মান নাগৰিক যুৱকজনে পুথিভঁৰাল কৰ্মীক দাৰে আক্ৰমণ কৰে। যিজন যুৱকে অনবৰতে ভাবুকি দি আছিল পুথিভঁৰাল কৰ্মীক। অৱশেষত তেওঁক আৰক্ষীয়ে গুলীয়াই হত্যা কৰে। ৰাজহুৱা অভিযুক্তই কয় যে যুৱকজনক বিগত সময়ছোৱাত কেইবাবাৰো পুথিভঁৰালৰ পৰা নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।