থাইলেণ্ডত হিট ষ্ট্ৰোকত ৩০ জন লোকৰ মৃত্যু,তাপমাত্ৰা ৫২ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হোৱাৰ আশংকা

থাইলেণ্ডত চলিত বৰ্ষত হিট ষ্ট্ৰ’কত কমেও ৩০ জন লোকৰ মৃত্যু হয়। তীব্ৰ গৰমৰ ঢৌৰ বাবে নতুন সতৰ্কবাণী জাৰি কৰা হৈছে। বৃহস্পতিবাৰে দেশখনৰ চৰকাৰে এই সতৰ্কবাণী জাৰি কৰে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, ৰাজধানী বেংককত চৰম গৰমৰ ঢৌৰ সতৰ্কবাণী জাৰি কৰা হৈছে। পৰ্যটন চহৰখনত তাপমাত্ৰা ৫২ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হোৱাৰ আশংকা কৰা হৈছে।
থাইলেণ্ডৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত ১ জানুৱাৰীৰ পৰা ১৭ এপ্ৰিললৈকে হিট ষ্ট্ৰ’কত কমেও ৩০ জন লোকৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে ২০২৩ চনত দেশত গৰমৰ ফলত ৩৭ জন লোকে প্ৰাণ হেৰুৱাইছিল।
থাইলেণ্ডৰ ৰোগ নিয়ন্ত্ৰণ বিভাগৰ উপ-সঞ্চালক প্ৰধান ডাইৰেক খাম্পায়নে কয় যে চৰকাৰী বিষয়াসকলে বৃদ্ধ আৰু মেদবহুলতা আৰু দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্তসকলক ঘৰতে থাকি পৰ্যাপ্ত পৰিমাণৰ পানী খাবলৈ আহ্বান জনাইছে।
থাইলেণ্ডকে ধৰি দক্ষিণ-পূব এছিয়াৰ দেশসমূহত সাধাৰণতে এপ্ৰিল মাহত আটাইতকৈ উষ্ণ বতৰ হয়। কিন্তু এল নিনোৰ বতৰৰ বাবে এই বছৰ ই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
বিগত কিছুদিন ধৰি দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশত তীব্ৰ গৰমৰ ঢৌ উঠিছে। এনে পৰিস্থিতিত ফিলিপাইনছৰ বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে।

Daily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment