লংকাৰ নখুটি খাগৰিজানত অৱস্থিত “আদৰ্শ মৰ্কজ একাডেমী,নখুটি”নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সাফল্য

২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফলৰে উজ্বলিছে বিদ্যলয়খন।
বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থবাৰৰ বাবে অৱতীৰ্ণ হোৱা মুঠ ২৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা ২৪ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে।
বিদ্যালয়খনৰ উত্তীৰ্ণ ২৪ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৫ বিষয় ক্ৰমে আৰৱী আৰু সমাজ বিজ্ঞানত লেটাৰ মাৰ্ক সহ,৫ গৰাকীয়ে প্ৰথম বিভাগত ১৭ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ২গৰাকী য়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ সৌস্তৱ বৃদ্ধি কৰে।
আনহাতে আজি বিদ্যালয় কতৃপক্ষই কৃতি ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলক সম্বৰ্দ্ধনা জনায়।ইয়াৰ লগতে উওীৰ্ণ হোৱা প্ৰতি গৰাকী ছাএ-ছাএীক এটা এটাকৈ গছ পুলি ভিতৰণ কৰে

Daily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment