Daily Time Axom

তামুলপুৰত ভোট প্ৰদান বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ

0 24

আজি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । ৪ নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰত আজি ভোট প্ৰদান কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । তামুলপুৰৰ সৌৰাগুৰি প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁ এনডিএৰ প্ৰাৰ্থী দিলীপ শইকীয়াই বিপুল ভোটত জয়লাভ কৰিব বুলি মন্তব্য কৰে । সমষ্টিটোত বিৰোধী দল নাই বুলিও মন্তব্য কৰে। আনহাতে পাকৰিবাৰী প্ৰাথমিক বিদ্যালয়তো তামুলপুৰ সমষ্টিৰ বিধায়ক জোলেন দৈমাৰীয়ে ভোটদান কৰে । তেওঁ প্ৰথমবাৰৰ বাবে দৰং ওদালগুৰি সমষ্টিৰ অন্তৰ্গত তামুলপুৰ সমষ্টিৰ গৰিষ্ঠসংখ্যক লোকে উৎসাহ উদ্দীপনাৰৰে ভোটদান কৰা বুলি মন্তব্য কৰে । তামুলপুৰ এমভি স্কুলতো সাংসদ নৱ কুমাৰ শৰণীয়াই ভোটদান কৰে । সমষ্টিটোত দলীয় প্ৰাৰ্থী স্বৰ্ণা দেৱীয়ে জয়লাভ কৰি সাংসদ হ’ব বুলি মন্তব্য কৰে । আনহাতে কোকৰাঝাৰ লোকসভা সমষ্টিত বিনীতা ডেকাই জয়লাভ কৰিব বুলি মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.