Daily Time Axom

প্ৰয়োজন হ’লে ভাৰত এৰি যাবলৈও ইচ্ছুক,গোপনীয়তাৰ ক্ষেত্ৰত কোনো আপোচ নকৰে হোৱাটছএপে

0 36

গোপনীয়তাৰ লগত আপোচ কৰা নহ’ব। প্ৰয়োজন হ’লে ভাৰত এৰি যাবলৈও ইচ্ছুক। দিল্লী উচ্চ ন্যায়ালয়ত এই কথা কয় মেটাৰ অধিবক্তাই। কেন্দ্ৰীয় চৰকাৰৰ তথ্য প্ৰযুক্তি নিয়ম ২০২১ৰ ক্ষেত্ৰত হোৱাটছএপে নিজৰ স্থিতি স্পষ্ট কৰিছে। মেটাৰ অধিবক্তাই কয় যে মানুহে কেৱল গোপনীয়তা নিশ্চিত কৰাৰ বাবেহে হোৱাটছএপ ব্যৱহাৰ কৰে। ইয়াৰ লগত কোনো আপোচ কৰিব নোৱাৰি। কাকতলীয়াভাৱে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰই তথ্য প্ৰযুক্তি নিয়ম, ২০২১ ঘোষণা কৰিছিল। তাতেই নিৰ্মাণ কৰা হৈছিল যে টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপৰ দৰে ছ’চিয়েল মিডিয়াই নতুন নিয়ম মানি চলিব লাগিব। প্ৰয়োজন হ’লে যিকোনো আড্ডা বা কমেন্ট ইত্যাদিক অনুসৰণ কৰি যিকোনো ভাইৰেল তথ্যৰ উৎস বিচাৰি উলিয়াব লাগিব। ১৪ আগষ্টত পুনৰ দিল্লী উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব এই গোচৰৰ। ২০২১ চনৰ একে সময়তে দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা কেইবাটাও গোচৰৰ শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে, য’ত কেন্দ্ৰই তথ্য-প্ৰযুক্তিৰ নীতি-নিয়মৰ ওপৰত কৰা ঘোষণাৰ বিভিন্ন দিশক প্ৰত্যাহ্বান জনোৱা হৈছে।

Leave A Reply

Your email address will not be published.