কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰ্বতঝোৰাত একেদিনাই তিনিখন নিৰ্বাচনী সভাত উপস্থিত থাকি বি পি এফ দলৰ প্ৰাৰ্থী খাম্পা বৰগোৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰী।
নির্বাচনী সভাত ভাষণ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে বি টি আঁৰত ৰাজনৈতিক পট-পৰিৱৰ্তন ইংগিত ।
৪ জুনৰ পিছত প্ৰমোদ বড়োৰ চৰকাৰ শেষ হ’ব আৰু এই কথা প্ৰমোদ বড়ো আৰু এবছুয়ে গম পায়।
নিৰ্বাচনৰ পাছত ইউ পি পি এল আৰু বিজেপিৰ মাজত ফাটাফাটি হৈ মিত্ৰতা ভংগ হব।
৪,জুনলৈ যিমান পাৰে প্ৰমোদ বড়ো লুটি পুটি খাব, তাৰ পিছত শেষ।
দৰং ওদালগুৰি লোকসভা সমষ্টিত ইউ পি পি এল কৰ্মী সকলোৱে বিজেপিক ভোট নিদিয়ে নাঙলত দিব, সেই কাৰণে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি কর্মী সকলোৱে বি পি এফ দলক ভোট দি প্ৰতিশোধ ল’ব এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে।
বিটিআৰ পৰিষদীয় চৰকাৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি ফেৰেঙাক আকৌ বিদেশী আখ্যা হাগ্ৰামা মহিলাৰী।