মুকালমুৱাস্থিত বিদ্যাজ্যোতি একাডেমীত হাইস্কুলত শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নলবাৰী জিলাৰ মুকালমুৱাস্থিত আগশাৰীৰ ব্যক্তিগত অসমীয়া মাধ্যমৰ বিদ্যালয় বিদ্যাজ্যোতি একাডেমী ২০১৯ বৰ্ষৰ পৰা চলিত বৰ্ষলৈকে ধাৰাবাহিকভাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ সাফল্যৰ ধাৰা অব্যাহত ৰাখিছে।
বিদ্যালয়খনৰ চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছে, ফলাফল হিচাপে এশ শতাংশ উত্তীৰ্ণৰ লগতে 9 গৰাকী ষ্টাৰ,১৪ গৰাকী প্ৰথম বিভাগ আৰু ২২ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ লাভ কৰিছে সেয়েহে এই সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা দিয়াৰ উদ্দেশ্যৰে বিদ্যালয়ৰ প্ৰাংগনত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক একোখনকৈ ফোলাম গামোছা, জাপি আৰু কিতাপৰে বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক মছলেম উদ্দিন আহমেদৰ সভাপতিত্ব অনুষ্ঠিত হোৱা অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ইয়াৰ আলী, ৰঘূনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যাপক আব্দুল মতিন অভিভাৱক-অভিভাবিকাৰ লগতে ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।
সম্বৰ্ধনা সভাত প্ৰাক্তন অধ্যক্ষ ইয়াৰ আলী আৰু অধ্যাপক আব্দুল মতিনে ছাত্ৰ-ছাত্ৰীক উদেশ্যেৰে ভাষন প্ৰদান কৰে।
ইতিমধ্যে বিদ্যালয়খনত নতুনকৈ নামভৰ্তি চলি থকা হৈছে সেয়েহে ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব বিচাৰিলে স্কুল কতৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাই বিদ্যালয়ৰ অধ্যক্ষ চিৰাজুল আলামে ।

AssamDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment