ৰক্তচাপ আমাৰ জীৱনৰ এটা সাধাৰণ ৰোগৰ দৰে। পৰিৱৰ্তিত জীৱনশৈলীৰ জৰিয়তে স্বাভাৱিক ৰক্তচাপ বজাই ৰখা সম্ভৱ। যেতিয়া ৰক্তচাপ অতি উচ্চ মাত্ৰাত উপনীত হয় তেতিয়া বিভিন্ন ৰোগৰ আশংকা বাঢ়ি যায়। যেনে বুকুৰ বিষ, মূৰ ঘূৰোৱা, বমি, দৃষ্টিশক্তি কমা বা গ্ল’ক’মাও হ’ব পাৰে।
হাৰ্ট এটেক হোৱাটোও অস্বাভাৱিক নহয়। আমাৰ দেশৰ প্ৰতি তিনিজনৰ ভিতৰত এজন লোক উচ্চ ৰক্তচাপত আক্ৰান্ত। ৰক্তচাপ সম্পূৰ্ণ নিৰাময় সম্ভৱ নহয়। কিন্তু নিয়ম মানি চলিলে ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰি। অতিমাত্ৰা চিন্তা কৰিলেও ৰক্তচাপ বৃদ্ধি পাব পাৰে। মনক শান্ত কৰি ৰখাত যোগাসন উপকাৰী। লগতে দৈনন্দিন খাদ্য তালিকাত সেউজীয়া শাক-পাচলি, বুট আৰু নহৰু আদি নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰিব লাগে।
১) শাক-পাচলি- ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম প্ৰচুৰ পৰিমাণে থকা শাক-পাচলি খোৱাটো ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে অতি উত্তম। যেনে কচু আৰু বিলাহী। কচু আৰু বিলাহীত প্ৰচুৰ পৰিমাণে ছডিয়াম, পটাছিয়াম আৰু এন্টিঅক্সিডেন্ট থাকে। বৃক্ক সুস্থ কৰি ৰখাত পটাছিয়াম অতি উপকাৰী।
২) কল – পকা কলত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে। পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। সেইবাবেই পকা কল খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগিব। ৰক্ত সঞ্চালন ভাল হ’লে ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব।
৩) বুটমাহ – আপোনাৰ খাদ্যত বুটমাহ অন্তৰ্ভুক্ত কৰক। ইয়াত নাইট্ৰিক অক্সাইড প্ৰচুৰ পৰিমাণে থাকে। এই নাইট্ৰিক অক্সাইডে ৰক্ত সঞ্চালনত মুখ্য ভূমিকা পালন কৰে। ৰক্তবাহী নলী পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।
৪) নহৰু- হালধিয়ে এন্টিফাংগেল, এন্টিবায়টিক হিচাপে কাম কৰে। নাইট্ৰিক অক্সাইড বৃদ্ধি কৰাত সহায় কৰে। পেশীৰ শক্তি বজাই ৰাখি আৰু ৰক্তবাহী নলী পৰিষ্কাৰ কৰি ৰাখি ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।