পেলেষ্টাইনী গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণৰ ফলত সৃষ্টি হোৱা বিপুল পৰিমাণৰ ধ্বংসাৱশেষ সম্পূৰ্ণৰূপে আঁতৰাবলৈ ১৪ বছৰ সময় লাগিব পাৰে।
শুকুৰবাৰে ৰাষ্ট্ৰসংঘই এই দাবী কৰিছে। জেনেভাত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সন্মিলনৰ মতে, যুদ্ধৰ ফলত ঘন জনবসতিপূৰ্ণ অঞ্চলটোত প্ৰায় ৩.৭ কোটি টন ধ্বংসাৱশেষ পৰি আছে। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি কমেও ১০০খন ট্ৰাক ব্যৱহাৰ কৰিলে ১৪ বছৰত ধ্বংসাৱশেষ আঁতৰাই পেলাব পৰা যাব।
প্ৰসংগক্ৰমে যোৱা ৭ অক্টোবৰত গাজা ষ্ট্ৰিপৰ শাসক গোট হামাছে ইজৰাইলৰ উত্তৰ অংশত আক্ৰমণ চলায়। কমেও ১২০০ লোক নিহত হোৱাৰ লগতে ২৫০জনক পণবন্দী কৰি ৰখা হৈছে। যদিও এতিয়া জামিন দিয়া লোকৰ সংখ্যা প্ৰায় ১২৯ জন। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে হামাছৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই গাজাত যুদ্ধ আৰম্ভ কৰে। ইজৰাইলৰ আক্ৰমণত এতিয়ালৈকে ৩৪ হাজাৰৰো অধিক পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে। উল্লেখ্য যে,বিধ্বস্ত অঞ্চলটোৰ বৃহৎ অংশ ধ্বংস হৈছে।