Daily Time Axom

৩৬ ঘন্টা ধৰি জ্বলি আছে নৈনিতালৰ বনাঞ্চল,ভাৰতীয় বায়ুসেনাই কৰি আছে জুই নিৰ্বাপনৰ কাম

0 31

৩৬ ঘণ্টাৰো অধিক সময় ধৰি জ্বলি আছে নৈনিতাল বনাঞ্চল। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে নৈনিতাল সংঘটিত অগ্নিকাণ্ডক এতিয়াই নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। হাইকোৰ্ট কলনীৰ সমীপৰ নৈনিতালত বনাঞ্চলৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে জুই নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় বায়ুসেনা মোতায়েন কৰা হয়। পানীৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে Mi 17-V5 হেলিকপ্টাৰে। অগ্নিকাণ্ডৰ বাবে নৈনিতাল হ্ৰদত নাও চলোৱা বন্ধ কৰি দিয়া হৈছে । ভাৰতীয় বায়ুসেনাৰ ঘাটি ওচৰতে যদিও যোৱা ২৪ ঘন্টাত অগ্নিকাণ্ডৰ ফলত ৩৩.৩৪ হেক্টৰ বনাঞ্চল ক্ষতিগ্ৰস্ত হৈছে। ২০২৩ চনৰ ১ নৱেম্বৰৰ পৰা এতিয়ালৈকে উত্তৰাখণ্ডত ৫৭৫টা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে, যাৰ ফলত ৬৮৯.৮৯ হেক্টৰ বনাঞ্চলৰ ক্ষতি হৈছে।

Leave A Reply

Your email address will not be published.