পেলেষ্টাইনৰ ৰাফাত ইজৰাইলৰ বিমান আক্ৰমণত ১৩ জন নিহত

ইজৰাইলে গাজা ভূখণ্ড পেলেষ্টাইনৰ ৰাফাত বিমান আক্ৰমণ চলায়। কমেও ১৩ জন পেলেষ্টাইনী নিহত হয়। এই আক্ৰমণত আন বহু লোক আহত হয়। অৱশ্যে পেলেষ্টাইনৰ চৰকাৰী সংবাদ সংস্থা ৱাফাই প্ৰকাশ কৰা অনুসৰি ৰাফাত ইজৰাইলৰ আক্ৰমণত নিহত পেলেষ্টাইনীৰ সংখ্যা অধিক।

গাজাৰ দক্ষিণৰ ৰাফা চহৰত তিনিটা ঘৰত ইজৰাইলৰ বিমান আক্ৰমণত ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হয়। অৱশ্যে গাজাৰ সংবাদ মাধ্যমে মৃত্যুৰ সংখ্যা ১৫ জন বুলি প্ৰকাশ কৰিছে।
আনহাতে, গাজা ষ্ট্ৰিপৰ উত্তৰ দিশত অৱস্থিত গাজা চহৰৰ দুটা ঘৰত ইজৰাইলৰ বিমানে আক্ৰমণ কৰে। স্বাস্থ্য বিষয়াই জনোৱা মতে, কেইবাজনো লোক নিহত আৰু আহত হৈছে।
মূলতঃ হামাছ আৰু দখলদাৰী ইজৰাইলৰ মাজত যুদ্ধ আৰম্ভ হৈছিল যোৱা বছৰৰ ৭ অক্টোবৰৰ পৰা। সেই সময়ত ১৩ লাখ লোকে ৰাফালৈ আহি আশ্ৰয় লৈছিল। এতিয়া ইজৰাইলীসকলে সেই ৰাফাক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment