ইউটিউব চেনেলৰ বিৰুদ্ধে ৰাঘবৰ মানহানিৰ গোচৰ

পঞ্জাৱৰ ইউটিউব চেনেলৰ বিৰুদ্ধে আপৰ সাংসদ ৰাঘৱ চাড্ডাই ৰুজু কৰিছে মানহানিৰ গোচৰ।
কিন্তু কাৰণ কি? জানিব পৰা মতে, পঞ্জাৱৰ ইউটিউব চেনেলটোৱে বিজয় মালিয়াই ৰাঘৱ চাড্ডাৰ সৈতে তুলনা কৰিছিল। অভিযোগ অনুসৰি ইউটিউব চেনেলটোৱে ভিডিঅ’টোত কয় যে বিজয় মালিয়াই যেনেকৈ ৰাজহুৱা ধন আত্মসাৎ কৰাৰ অপৰাধত বিদেশলৈ গৈছে, ঠিক তেনেদৰে ৰাজ্যসভাৰ সাংসদগৰাকীও চকুৰ চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ গৈছে। জনা যায় যে চেনেলটোৰ নাম “কেপিটেল টিভি”।

লুধিয়ানা লোকসভা সমষ্টিৰ প্ৰাৰ্থী অশোক প্ৰশৰৰ পুত্ৰ বিকাশৰ অভিযোগৰ ভিত্তিত চেনেলটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। অভিযোগ অনুসৰি, চেনেলটোৰ বিষয়বস্তু, বিবৃতিটোৱে জনসাধাৰণৰ মাজত শান্তি আৰু সম্প্ৰীতি বিঘ্নিত কৰিব। আনকি ইয়াৰ ফলত দেশৰ বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি পাব পাৰে বুলিও আশংকা কৰা হৈছে।

AssamDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment