চুৰাটৰ পিছত ইন্দোৰতো কংগ্ৰেছৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। ১৩ মে’ত মধ্যপ্ৰদেশৰ ইন্দোৰ লোকসভা সমষ্টিৰ নিৰ্বাচন। কিন্তু তাৰ আগতে সেই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অক্ষয় কান্তি বামে মনোনয়ন প্ৰত্যাহাৰ কৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে তেওঁ বিজেপিত যোগদান কৰিছে।
মধ্যপ্ৰদেশৰ মন্ত্ৰী তথা বিজেপি নেতা কৈলাস বিজয়বৰ্গিয়ে নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি কয়, “কংগ্ৰেছ ইন্দোৰৰ প্ৰাৰ্থী অক্ষয় কান্তি বামক বিজেপিলৈ স্বাগতম জনাইছো।
প্ৰসংগক্ৰমে কংগ্ৰেছে ইন্দোৰত বিজেপিৰ শংকৰ লালৱানীৰ বিৰুদ্ধে অক্ষয় বামক থিয় কৰাইছিল। কিন্তু তেওঁ মনোনয়ন প্ৰত্যাহাৰ কৰাত বিচলিত হৈ পৰে স্থানীয় কংগ্ৰেছৰ নেতৃত্ব। হাইকমাণ্ডে বামক কিয় টিকট দিলে সেই প্ৰশ্ন এতিয়া উত্থাপন কৰিছে। প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে গুজৰাটৰ চুৰাট লোকসভাৰ আসনতো কংগ্ৰেছ বিপৰ্যয়ৰ সন্মুখীন হৈছিল। দক্ষিণ গুজৰাটৰ সেই কেন্দ্ৰৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী নীলেশ কুম্ভনীয়ে মনোনয়ন বাতিল কৰিছিল। পিছত সেই আসনৰ বাকী আঠজন বিৰোধী প্ৰাৰ্থীয়েও মনোনয়ন প্ৰত্যাহাৰ কৰে। ফলত বিজেপি প্ৰাৰ্থী মুকেশ দলালক চুৰাটত বিনা প্ৰতিদ্বন্দ্বিতাই সেই আসন এৰি দিয়া হয়।