Daily Time Axom

টীয়কত ভূমি জালিয়াতিৰ উচিত ন্যায় বিচাৰি থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ

0 18

উকা এখন দলিলত চহী কৰাই বিশ হাজাৰ টকা দি টীয়কৰ বনাই গড়চুক অঞ্চলৰ কুমুদ শৰ্মা নামৰ এজন ব্যক্তিৰ মাটি একে গাঁৱৰে পুলিন বৰা আৰু উৎপল বৰাই হস্তগত কৰিব বিচৰাৰ অভিযোগ উত্থাপন হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।শৰ্মাৰ অভিযোগ মাতৃৰ চিকিৎসাৰ বাবে আজিৰ পৰা চৈধ্য বছৰৰ পূৰ্বে তেওঁৰ ঘৰৰ কাষৰে এটুকুৰা ভূমি বিশ হাজাৰ টকাৰ বিনিময়ত বন্ধকত লৈছিল। কিন্তু পৰবৰ্তী সময়ত উকা দলিলত স্বাক্ষৰ কৰা দলিলত কুমুদ শৰ্মাৰ অজ্ঞাতে উক্ত ভুমি পঁচিশ বছৰৰ বাবে লীজত লোৱা বুলি লিখি এগৰাকী গাঁওবুঢ়াৰ স্বাক্ষৰ কৰাই লয় । উল্লেখযোগ্য যে যাদব বৰা নামৰ যিগৰাকী গাঁওবুঢ়াই ভুৱা দলিলত স্বাক্ষৰ কৰিছিল সেই গৰাকী গাঁওবুঢ়া উক্ত প্লটৰ গাঁওবুঢ়া নোহোৱা স্বত্বেও কি ৰহস্যজনক কাৰণত দলিলত স্বাক্ষৰ কৰিলে সেয়া ৰহস্যৰ বিষয় । ইপিনে তিনি কঠাকৈ ভূমি এনেদৰে বেদখল মুক্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখি অবশেষত পুলিন বৰা,উৎপল বৰাৰ পৰা প্ৰাণৰ ভাবুকি অহাত আজি টীয়ক আৰক্ষী থানাত হাজিৰ হৈ এজাহাৰ দাখিল কৰে কুমুদ শৰ্মাৰ পৰিয়ালে। যি সময়ত ভূ মাফিয়াৰ তাণ্ডৱত মধুসুধন দেখা খাতি খোৱা জনতাৰ পক্ষত অৱস্থান গ্ৰহণ কৰি ৰাজ্য চৰকাৰে ভূ মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে তেনে সময়ত টীয়কৰ বনাই অঞ্চলৰ পিতা-পুত্ৰ পুলিন বৰা আৰু উৎপল বৰাৰ এনে কাণ্ডই সৃষ্টি কৰিছে ৰহস্যৰ । এতিয়া প্ৰশ্ন হৈছে পাবনে উপযুক্ত ন্যায় কুমুদ শৰ্মাৰ পৰিয়ালে ?

Leave A Reply

Your email address will not be published.