ডিমেনচিয়া অতি সাধাৰণ ৰোগ। ২০২২ চনৰ এক অধ্যয়ন অনুসৰি আমেৰিকাত ৬৫ বছৰৰ ওপৰৰ লোকৰ ১০% ডিমেনচিয়া আৰু প্ৰায় ২২% লোকৰ জ্ঞানশক্তিৰ দূৰ্বলতা হয়। বয়সৰ লগে লগে ডিমেনচিয়াৰ আশংকা বৃদ্ধি পায়। ৯০ বছৰৰ ওপৰৰ ৩৫ শতাংশ লোক ডিমেনচিয়াত আক্ৰান্ত। এই অৱস্থাটো সম্পূৰ্ণৰূপে প্ৰতিৰোধযোগ্য নহয়। বয়স, জেনেটিক্স আৰু পৰিৱেশৰ প্ৰভাৱে ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। থেৰাপিষ্টৰ মতে পৰিশোধিত জীৱনশৈলীয়ে ইয়াৰ বিপদ হ্ৰাস কৰিব পাৰে।
চিকিৎসকে সপ্তাহত ১৫০ মিনিট ব্যায়াম কৰিবলৈ পৰামৰ্শ দিয়ে। মূলতঃ এই ব্যায়াম সুস্থ হৈ থাকিবলৈ আৰু ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ উপকাৰী। চিকিৎসকৰ মতে, সেই অভ্যাসে আপোনাক ডিমেনচিয়াৰ পৰা আঁতৰি থাকিবলৈও সহায় কৰিব। কাৰণ মেদবহুলতা, উচ্চ ৰক্তচাপ, ডায়েবেটিছে ডিমেনচিয়াৰ সম্ভাৱনা বহুগুণে বৃদ্ধি কৰে। শাৰীৰিক ব্যায়ামে মগজুৰ নতুন কোষ গঠনত সহায় কৰিব পাৰে। ই মগজুৰ কাৰ্য্যক্ষমতা উন্নত কৰে। যিটো নতুন দক্ষতা আহৰণ আৰু স্মৃতি গঠনৰ বাবে গুৰুত্বপূৰ্ণ।
নিসংগতা, হতাশা, অত্যধিক মদ্যপানে টোপনিৰ সমস্যা বৃদ্ধি কৰে। ই ডিমেনচিয়াৰ বাবে এক বিপদজনক কাৰক বুলি প্ৰমাণিত হৈছে। লগতে সামাজিক যোগাযোগ কমিলেও এই সমস্যাবোৰৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব পাৰে।
উল্লেখ্য যে, পৰিয়াল, বন্ধু-বান্ধৱী আৰু ওচৰ-চুবুৰীয়াৰ সৈতে কথা পাতি কটোৱা মুহূৰ্তবোৰে আমাক ভাল অনুভৱ কৰাই নহয়, আমাৰ মগজুৰ কাৰ্য্যক্ষমতা আৰু সামগ্ৰিক স্বাস্থ্যও উন্নত কৰে।