Daily Time Axom

পত্নীৰ সৈতে অধিক জীৱন কটাব বিচাৰিছিল মৃত্যুৰ সন্মুখীন হৈ ইৰফান খানে কৈছিল

0 29

ইৰফান খানে কেন্সাৰৰ সৈতে যুঁজি থাকোতে মৃত্যু অহা বুলি জানিও তেওঁ কেতিয়াও এক মুহূৰ্তৰ বাবেও দুৰ্বল হৈ পৰা নাছিল। ইয়াৰ ইতিবাচক দিশটো আলোকপাত কৰে সেই সময়ত এটা সাক্ষাৎকাৰত। তেওঁ কয় যে,তেওঁৰ জটিল অসুস্থতাই পৰিয়ালটোক একত্ৰিত কৰিছে! ইৰফানে তেওঁৰ যত্ন লোৱাৰ বাবে পত্নী আৰু সন্তানৰ অক্লান্ত প্ৰচেষ্টাক প্ৰশংসা কৰে।

জীৱনৰ অতি কঠিন পৰিস্থিতিত সুতপা শিকদাৰ আছিল অহৰহ সংগী। অভিনেতাজনে সেই কথা বাৰে বাৰে স্পষ্ট কৰি দিছিল। তেওঁ কয় যে তেওঁৰ পত্নীয়ে বহুত গুৰুত্ব দিয়ে। ইৰফানে জীয়াই থাকিব বিচাৰিছিল কাৰণ তেওঁ পত্নীৰ সৈতে অধিক জীৱন কটাব বিচাৰিছিল। ক’লে, “যদি মই জীয়াই থাকিব পাৰো, তেন্তে মই মোৰ পত্নীৰ বাবে জীয়াই থাকিব বিচাৰো।”

তেওঁ দেখিছিলে যে পুত্ৰদ্বয় বাবিল খান আৰু অয়ন খানৰ বাবে সেই সময় অধিক কঠিন হৈ পৰিছিল। কাৰণ অয়ন খান কিশোৰ আছিল যদিও বাবিলৰ কিশোৰ বয়স অৱশ্যে পাৰ হৈছিল।

তেওঁলোকৰ দিনবোৰ হাঁহি-কান্দোনৰ মাজেৰে পাৰকৰি এই জটিল পৰিস্থিতিৰ সন্মুখীন হ’বলৈ পৰিয়ালৰ লোকে একেলগে কাম কৰিছিল। অভিনেতাজনে কয়, “উত্থান-পতন হৈছিল, কিন্তু সেই দিনবোৰ স্মৰণীয় হৈ থাকিব। হয়তো অনিশ্চয়তাৰ বাবেই সুখৰ মুহূৰ্তবোৰ তীব্ৰতৰ হৈ পৰিছিল।”

৩৫ বছৰীয়া কেৰিয়াৰত তেওঁ ৫০খনতকৈও অধিক হিন্দী ছবিত অভিনয় কৰিছে। তেওঁৰ কৃতিত্বত অসংখ্য বঁটা। চলচ্চিত্ৰ সমালোচক, সমসাময়িক অভিনেতা আৰু অন্যান্য বিশেষজ্ঞসকলে তেওঁক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা হিচাপে গণ্য কৰে।

Leave A Reply

Your email address will not be published.