গুৰুতৰ বাবে আহত কেইবাজনো লোক।
মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পলাশজুৰি গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ মাৰপিটৰ ঘটনা।
এটা চৰকাৰী পথৰ বাবে মাটি নিদিয়াক কেন্দ্ৰ কৰি হোৱা মাৰপিটৰ ঘটনাত গুণ্ডাবাহিনীৰ এটা দলে পলাশজুৰি গাঁৱৰ-
সুৰুজ আলি, কোদ্ৰত আলি,ছুৰহাব আলি,মুকচিদুল ইছলাম,মফিদুল ইছলাম,
ফাটিমা খাতুন আৰু খুদেজা খাতুনক মাৰপিট কৰে বুলি অভিযোগ উত্থাপন হৈছে।
হাতে হাতে দা লাঠী,চোকা অস্ত্ৰ আদিৰে ভুক্তভোগীৰ ঘৰত সোমাই মহিলা সহ ৯ গৰাকী লোকক মাৰপিট কৰি গুৰুতৰ বাবে আহত কৰে।
আহত লোক কেইজনৰ সুৰুজ আলি, কোদ্ৰত আলি আৰু ছুৰহাব আলিৰ অৱস্থা সংকট জনক হোৱাত মৈৰাবাৰী চিকিৎসালয়ৰ চিকিৎসকে ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰিছে।
আনহাতে মৈৰাবাৰী আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।