Daily Time Axom

৩০ বছৰে সম্পূৰ্ণ হৈ নুঠিল ৰঙিয়াৰ গড়কা খৈৰাবাৰী সংযোগী পথ

0 19

এজাক বৰষুণতে হৈ পৰিব পথাৰৰ বোকা সদৃশ পথ

ৰাজ্যৰ চাৰিওফালে উন্নয়নৰ জয় ঢোল বজাই থকা চৰকাৰখনৰ কিছুমান কামে ৰাইজক জীয়াতু ভোগাইছে । ৰঙিয়া সমষ্টিৰ অন্তৰ্গত গড়কাৰ খৈৰাবাৰীৰ মিলনপুৰ সংযোগী মূল পথৰ অতিকৈ গুৰুত্বপূৰ্ণ একাংশ প্ৰায় ৩৫-৩০ বছৰ ধৰি আজিও সম্পূৰ্ণ হৈ নুঠিল। এই পথেৰে নিতৌ সৰু বৰ যান বাহনকে ধৰি বহু মানুহে অহা যোৱা কৰা ক্ষেত্ৰত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈ আহিছে।

স্থানীয় ৰাইজে জানিব দিয়া মতে কিছুমান মধ্যভোগীৰ বাবে এই পথছোৱা বছৰ বছৰ ধৰি সম্পূৰ্ণ হৈ উঠা নাই বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। উল্লেখ্য যে এই পথচোৱাৰ কাষৰ পথতে বাস কৰে প‌্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োয়ে । প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীয়েও পথচোৱাৰ দুদৰ্শাত স্থানীয় বিধায়কৰ কৰ্ণ গোচৰ কিয় ভালদৰে হোৱা নাই নে হেমাহি প্ৰকাশ কৰিছে সেয়া এক লক্ষণীয় হৈছে । তদুপৰি যদি পথৰ কিবা আবণ্টন হৈছে, তাৰ বাবে সেই দালাল শ্ৰেণীটোত উৎখাত কৰি পথছোৱাৰ মেৰামতিৰ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈ স্থানীয় বিধায়ক ভৱেশ কলিতাক স্থানীয় ৰাইজে অনুৰোধ কৰিছে। অন্যথা ভবিষ্যতে এই পথছোৱাৰ উপৰতে অনশন লেখিয়া কাৰ্য্যসূচী গ্ৰহণ কৰিব।

Leave A Reply

Your email address will not be published.