Daily Time Axom

কামৰূপ জিলাত নিৰ্বাচনী দায়িত্বত থকা লোকক নিম্নমানৰ খাদ্য যোগানক লৈ অপ্ৰীতিকৰ পৰিস্থিতি

0 24

কামৰূপ জিলা আয়ুক্তৰ কাৰ্য্যালয়ত কালি খাদ্যৰ বাবে সৃষ্টি হল উত্তপ্ত পৰিস্থিতিৰ ।
নিৰ্বাচনী দায়িত্বত থকা বিষয়া-কৰ্মচাৰীক অতি নিম্নমানদণ্ডৰ খাদ্যৰ যোগান ধৰাৰ অভিযোগ উত্থাপিত হল প্ৰশাসনৰ বিৰুদ্ধে ।
অস্বাস্থ্যকৰ তথা গোন্ধ ওলোৱা খাদ্য যোগান ধৰাৰ বাবে সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ ।
অভিযোগ অনুসৰি অতি নিম্নমাণৰ চাউল আৰু অসিদ্ধ ভাত খাই কিছুলোক অসুস্থ হয় ।
দুপৰীয়াৰ আহাৰ খাই অসুস্থ হয় কেইবাগৰাকীও বিষয়া কৰ্মচাৰী ।
আয়ুক্ত কাৰ্যালয়ৰ অস্থায়ী ৰান্ধনীশালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বিষয়া কৰ্মচাৰী সকলে ।
কামৰূপ জিলা প্ৰশাসনৰ নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰী সকলক আভুৱা ভৰা খাদ্য খোৱাই কাম কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।
কৰ্মচাৰী সকলক অস্বাস্থ্যকৰ খাদ্য যোগান ধৰি চৰকাৰী ৰাজভঁৰালৰ পৰা অপচয় কৰিছে লাখে লাখে টকা ।
খাদ্য যোগানৰ ঠিকা প্ৰদান কৰিছিল শুৱালকুছিৰ নবজ্যোতি মহন্ত নামৰ এগৰাকী ব্যৱসায়ীক ।
প্ৰতি বছৰে নিৰ্বাচনৰ সময়ত বেয়া খাদ্য যোগান ধৰা বুলি নাম আছে এইগৰাকীৰ ঠিকাদাৰৰ বিৰুদ্ধে ।
নবজ্যোতি মহন্ত নামৰ এজন ঠিকাদাৰৰ লগত বুজাবুজিৰে মাণদণ্ডহীন খাদ্য খুৱাই ধনৰ অংক কৰাৰ অভিযোগ উত্থাপিত কৰে ক্ষুধাতুৰ কৰ্মচাৰী সকলে ।
কাৰ আশীৰ্বাদত প্ৰতি বাৰে নবজ্যোতি মহন্তই খাদ্য যোগানৰ ঠিকা লাভ কৰে সেয়াও চিন্তনীয় বিষয় ।
এই সকলোবোৰ দেখি শুনিও একপ্ৰকাৰে নিৰব ভুমিকাত কামৰূপ জিলা আয়ুক্ত কীৰ্তি জল্লী ।
এই সন্দৰ্ভত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলেও কৰে তাৎপৰ্যপূৰ্ণ মন্তব্য ।

Leave A Reply

Your email address will not be published.