চাপৰৰ এখন অগ্ৰনী শিক্ষা প্রতিষ্ঠান জ্ঞানদীপ একাডেমীৰ চমকপ্ৰদ সাফল্য।
সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলিল ডিষ্ট্রিংশন মাৰ্ক সহ ১৩ গৰাকীকৈ ছাত্র-ছাত্ৰী।
আজি চাপৰ জ্ঞানদ্বীপ একাডেমীত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান।
চাপৰ জ্ঞানদ্বীপ একাডেমীৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয় কৰ্তৃপক্ষই।
১৩ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে ইয়াৰে দুগৰাকী ছাত্ৰ-ছাত্ৰী ডিশ্বটিংশন নম্বৰৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাত উৎফুল্লিত বিদ্যালয় কৰ্তৃপক্ষ।
২০১২ চনত প্ৰতিষ্ঠা লাভ কৰা জ্ঞানদ্বীপ একাডেমীয়ে বৃহত্তৰ চাপৰ অঞ্চলত উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰি আহিছে।।
আগন্তুক দিনত আৰু অধিক ভাল ফলাফল লাভ কৰিব বুলি ব্যক্ত কৰে বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে।