তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চিৰাঙৰ বাসুগাঁৱত আৰক্ষীৰ অভিযানত তিনি কেএলঅ সদস্য আটক আৰু
আটকাধীন কেএলঅ সদস্য কেইজনৰ তথ্যৰ ভিত্তিত আজি পুৱতি নিশা বাসুগাঁও চহৰৰ সমীপৰ কচুদোলাৰ চম্পা নৈৰ পাৰত বালিত পুঁতি থোৱা অৱস্থাত উদ্ধাৰ কৰিলে বোমা ।
নিশ্চিত ভাবে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এক ভয়ংকৰ কূটাঘাতমূলক ঘটনাৰ পৰা ৰক্ষা পৰিলে বাসুগাঁও অঞ্চল ।
আৰক্ষীয়ে আটক কৰা সদস্য কেইজন ক্ৰমে বাসুগাঁও চহৰৰ হেকইপাৰাৰ ৰবীন বৰ্মণ ওৰফে লংকেশ্বৰ কোচ ওৰফে লম্বু, কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ উৎপল ৰায় ওৰফে পঙ্কজ কোচ আৰু বঙাইগাঁও জিলাৰ নয়টামাৰা প্ৰথম খণ্ডৰ ধনঞ্জয় বৰ্মণ ।
উল্লেখ্য যে কালি নিশা এক গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত বাসুগাঁও চহৰৰ ষ্টেচনৰোডৰ এখন হোটেলৰ পৰা বাসুগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই এই তিনিজন কেএলঅ সদস্য আটক কৰিছিল ।
আটক কৰা কেএলঅ সদস্য কেইজনক লৈ আৰক্ষীয়ে গোটেই নিশা অভিযান চলাই আজি পুৱতি নিশা কচুদোলা গাঁৱৰ চম্পাৱতী নৈৰ বালিত পুঁতি থোৱা অৱস্থাত খান্দি খান্দি বোমাটো উদ্ধাৰ কৰে ।