জি এছ টি সংগ্ৰহত নতুন অভিলেখ

ৰাজ্যত সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহৰ হাৰে এপ্ৰিল মাহত নতুন অভিলেখ স্পৰ্শ কৰিছে। যিটো যোৱা বছৰৰ তুলনাত ১৩ শতাংশ বেছি।

এপ্ৰিল মাহত ৰাজ্যৰ পৰা সংগ্ৰহ কৰা জি এছ টি আছিল ৭ হাজাৰ ২৯৩ কোটি।

যোৱা বছৰৰ এপ্ৰিল মাহত ইয়াৰ পৰিমাণ আছিল ৬ হাজাৰ ৪৪৭ কোটি। ৰাজ্যৰ বিত্ত বিভাগৰ সূত্ৰ অনুসৰি এমাহৰ জি এছ টি সংগ্ৰহৰ ক্ষেত্ৰত এয়া এক নতুন অভিলেখ। ৰাইজৰ হাতত পৰ্যাপ্ত নগদ ধনৰ যোগান সুনিশ্চিত কৰাৰ লগতে ক্ৰয় ক্ষমতা বৃদ্ধিৰ বাবেই জি এছ টি সংগ্ৰহৰ হাৰ বৃদ্ধি পোৱা বুলি দাবী কৰিছে ৰাজ্য চৰকাৰে।

AssamAssamese NewsDaily time axomGuwahatiIndiaWorld
Comments (0)
Add Comment