নাজিৰা নগৰত”বন্ধু বিদ্যালয়”ৰ অনুষ্ঠান

অসম চৰকাৰ তথা সমগ্ৰ শিক্ষা অভিযান মিছন ৰ নিৰ্দেশনা অনুযায়ী নাজিৰা নগৰ “ক” মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ নাজিৰা নগৰ বালিকা প্ৰাথমিক বিদ্যালয় আৰু নাজিৰা নগৰ “খ” মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ নাজিৰা ষ্টেচন তিনিআলি প্ৰাথমিক বিদ্যালয়ৰ মাজত “বন্ধু বিদ্যালয়” ৰ কাৰ্যসূচী নাজিৰা নগৰ বালিকা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় । পুৱা বন্তি প্ৰজ্বলনৰে আৰম্ভ কৰা দিনজোৰা কাৰ্যসূচীত দুয়োখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকণ, আকস্মিক বক্তৃতা, স্মৃতি পৰীক্ষা, কুইজ, চকী খেল আদি প্ৰতিযোগিতাৰ লগতে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা হুঁচৰি প্ৰদৰ্শন কৰা হয়। বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাত বিজয়ী ছাত্ৰ ছাত্ৰী সকলক বঁটা প্ৰদান কৰি উৎসাহিত কৰা হয়।

AssamAssamese NewsDaily time axomGuwahatiIndiaWorld
Comments (0)
Add Comment