ভাৰতীৰ অস্ত্ৰোপচাৰ হ’ব, হস্পিতালত অকলে আছে বাবেই পুত্ৰৰ বাবে কান্দিছে ‘কমেডী কুইনে’

ভাৰতী সিঙক হঠাৎ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁ ‘ডান্স দীৱানে ছিজন ৪’ৰ আয়োজনৰ দায়িত্বত আছে। কিন্তু যোৱা তিনিদিন ধৰি অসহ্যকৰ পেটৰ বিষৰ বাবে মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছে ‘কমেডী কুইনে’। অতি সোনকালে তেওঁৰ অস্ত্ৰোপচাৰ হ’ব বুলি জনা গৈছে।

কিন্তু ভাৰতীৰ কি হ’ল? চিকিৎসালয়লৈ যোৱাৰ পিছত চিকিৎসকৰ পৰামৰ্শমতে কেইবাবাৰো পৰীক্ষা কৰিব লগা হৈছিল। তাতেই ধৰা পৰিল ‘কমেডী কুইন’ৰ পিত্তথলীৰ পাথৰ। যাৰ বাবে তেওঁ প্ৰতিদিনে অসহ্যকৰ যন্ত্ৰণাত ভুগি আছে। ভাৰতী সিঙে কোকিলাবেন হাস্পতালৰ পৰা এটা ব্লগ পোষ্ট কৰি অনুৰাগীৰ সৈতে সকলো তথ্য শ্বেয়াৰ কৰে। তাতে তেওঁক কান্দি থকা দেখা যায়। অনুৰাগীয়ে তেওঁৰ আশু আৰোগ্য কামনা কৰে।

AssamAssamese NewsbollywoodDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment