Daily Time Axom

গোলাঘাটৰ সৰুপথাৰত নিশা আৰক্ষী বৃহৎ সফলতা

0 36

গোলাঘাট জিলা আৰক্ষী বিষয়া ৰাজেন সিংৰ নেতৃত্বত সৰুপথাৰত জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ ।
দুখনকৈ চাৰিচকীয়া বাহনেৰে মণিপুৰৰ পৰা নাগালেণ্ড হৈ গোলাঘাট অভিমুখে আহি থকা অৱস্থাত সৰুপথাৰ নগৰৰ মাজমজিয়াত ২৪০ টা চাবোনৰ বাকচত প্ৰায় ৩ কেজি ওজনৰ বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে ।
উল্লেখ্য যে AS 05 S 9434 নম্বৰৰ অল্টো বাহনখনত কঢ়িয়াই আনিছিল ড্ৰাগছ খিনি ।
বৰ্তমানে অ’ল্টবাহন খনৰ ড্ৰাইভাৰ সহ ৩ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক মূল্য প্ৰায় ১৫ কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে ।

Leave A Reply

Your email address will not be published.