Daily Time Axom

হংকঙত এৰাতিতে ১০ হাজাৰ বজ্ৰপাত

0 27

হংকঙত এৰাতিতে প্ৰায় ১০ হাজাৰ বজ্ৰপাত সংঘটিত হৈছে। স্থানীয় সময় অনুসৰি মঙলবাৰে নিশাৰ পৰা বুধবাৰে পুৱালৈকে বজ্ৰপাতৰ সম্ভাৱনা আছে। হংকঙৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, মঙলবাৰে নিশা প্ৰায় ৯ বজাৰ পৰা বৰষুণ আৰম্ভ হয়। নিশা প্ৰতি ঘণ্টাত সৰ্বাধিক ৫,৯১৪টা বজ্ৰপাত হয়। বুধবাৰে পুৱা ১০:৫৯ বজালৈকে বজ্ৰপাতৰ সংখ্যা ৯,৪৩৭। হংকঙৰ নিউ টেৰিটৰীজ ইষ্ট অঞ্চলত সংঘটিত হয় এই বজ্ৰপাত।
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত বাঁহেৰে নিৰ্মিত কেণ্টনীজ অপেৰা থিয়েটাৰ বিজুলী আৰু ধুমুহাই ধ্বংস কৰে। বৃহস্পতিবাৰলৈকে বৰষুণ আৰু ধুমুহা বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.