Daily Time Axom

গাড়ী আৰু ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষ, একেটা পৰিয়ালৰ ৬ জনৰ মৃত্যু

0 20

ৰাজস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা। মন্দিৰত পূজা কৰিবলৈ যাওঁতে একেটা পৰিয়ালৰ ৬ জন সদস্যই গাড়ী দুৰ্ঘটনাত প্ৰাণ হেৰুৱাৰ লগতে আহত হয় ২ টা শিশু।
আৰক্ষীৰ সূত্ৰ অনুসৰি মুম্বাই-দিল্লী এক্সপ্ৰেছৱে’ত সংঘটিত হৈছে এই দুৰ্ঘটনা। গাড়ীখনৰ আটাইকেইজন সদস্য ছিকাৰৰ বাসিন্দা। কালি তেওঁ ৰন্থামবৰৰ গণেশ মন্দিৰত পূজা কৰিবলৈ ওলাইছিল। হঠাৎ বিপৰীত দিশৰ পৰা অহা ট্ৰেক্টৰ এখনে গাড়ীৰ সন্মুখত খুন্দা মৰাত দুৰ্ঘটনাটো হয়। এই সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হয় আৰক্ষী। উলটি পৰা গাড়ীখন কাটি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আহত আৰু মৃতকক। আহত শিশু দুটাক প্ৰথমে স্থানীয় প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয়। পিছত দুয়োৰে স্বাস্থ্যৰ অৱনতি ঘটাত জয়পুৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত আছে।

Leave A Reply

Your email address will not be published.