তামুলপুৰ লেহোৰাম বড়ো ক্ষেত্ৰত আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় বসন্ত উৎসৱ।
পুৱাৰ ভাগত তামুলপুৰ আঞ্চলিক যুৱ মঞ্চৰ পতাকা উত্তোলন, বিহুৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, চিত্ৰাংকন প্ৰতিযোগিতাত, কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
সন্ধিয়া তেজপুৰীয়া থেছপিয়ানৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।
নিশা ৯ বজাত জে বি নাৰ্জাৰীৰ সংগীতানুষ্ঠান আৰু ১০ বজাত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী তৰুণ তন্ময়ৰ সংগীতানুষ্ঠানে দশম বাৰ্ষিক বসন্ত উৎসৱ সামৰণি পৰিব।
বসন্ত উৎসৱৰ সকলো কাৰ্যসূচীতে তামুলপুৰীয়া ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে বিহু উৎযাপন সমিতিৰ যুটীয়া সম্পাদক চমেন ৰাভাই।