Daily Time Axom

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰকমূহুৰ্তত ব্যস্ত পথলৈ ওলাই আহিল পুৰুষ মহিলা শিশু!

0 28

কিমান উন্নয়ন হৈছে নলবাৰী জিলাৰ বৰভাগৰ একাংশ অঞ্চলত?
পথৰ দূৰৱস্থাৰ বাবে বিদ্যালয়লৈ যাব নোৱাৰে কণ কণ শিশুকে ধৰি ছাত্ৰ ছাত্ৰী!
অঞ্চলটোলৈ বিবাহ কৰাবলৈও নাহে দৰা!
নলবাৰী জিলাৰ কৰিয়া বিজুলিঘাট হৈ আদাবাৰীলৈ যোৱা পথটি মেৰামতি কৰাৰ দাবীত ওলাই আহিল পুৰুষ মহিলাকে ধৰি কন কন শিশু।
উল্লেখ্য যে বছৰ বছৰ ধৰি অৱহেলিত হৈ আহিছে এই পথটিৰে অহা যোৱা কৰা ২২ খনকৈ গাঁওৰ গাঁওবাসী।
নলবাৰী জিলাৰ বৰভাগ কৰিয়া বিজেলিঘাট হৈ আদাবাৰীলৈ যোৱা এটি পথক লৈয়েই বছৰ বছৰ ধৰি জ্বলা কলা খাই আহিছে এই লোকসকলে। উল্লেখ্য যে পথৰ দূৰৱস্থাৰ বাবে প্ৰায়েই পথটিত দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে এমবুলেঞ্চ এখনো আহিব নোৱাৰে পথটিৰে।
অচিৰেই এই পথটি নিৰ্মাণ কৰি নিদিলে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় লোকসকলে। আনহাতে কৰিয়া ডলাদি চুবাৰ মহিলাসকলে পথৰ দূৰৱস্থাৰ বাবে দুৰ্ভোগ ভোগাৰ উপৰিও বিহদিয়া আদি গাঁওৰ বেছিভাগ মহিলাই অৰুণোদয় আঁচনি, চৰকাৰী গৃহকে ধৰি আঁচনি সমূহৰ পৰা অৱহেলিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে।

Leave A Reply

Your email address will not be published.