Daily Time Axom

হামাছৰ ৰকেট আক্ৰমণত ৩ ইজৰাইল জোৱানৰ মৃত্যু

0 25

ইজৰাইল আৰু গাজাৰ মাজৰ কেৰেম শ্বালম সীমান্ত ক্ৰছিঙত হামাছে ৰকেট আক্ৰমণ চলায়। তিনি ইজৰাইলী সৈনিক নিহত হয়। আহত হয় কেইবাজনো ।
গাজা ষ্ট্ৰিপৰ ভিতৰৰ পৰা হামাছৰ ৰকেট আক্ৰমণৰ পিছত ইজৰাইলে গাজাৰ কেৰাম শ্বালম ক্ৰছিং বন্ধ কৰি দিছে।

ইফালে ইজৰাইলে স্বীকাৰ কৰিছে যে পেলেষ্টাইনৰ সশস্ত্ৰ সংগঠনৰ আক্ৰমণত তিনিজন জোৱান নিহত হৈছে।
হামাছৰ সশস্ত্ৰ শাখা কাছাম ব্ৰিগেডে কয় যে ৰকেট আক্ৰমণৰ ফলত ক্ৰছিং আৰু ইয়াৰ আশে-পাশে থকা ইজৰাইলী বাহিনীৰ এটা দলক লক্ষ্য কৰি লোৱা হৈছে।
পিছত প্ৰকাশ পোৱা এটা ভিডিঅ’ত দেখা গৈছে যে ৰকেটবোৰে ইজৰাইলী সেনাৰ “কমাণ্ড হেডকোৱাৰ্টাৰ এণ্ড মবিলাইজেচন” ক্ৰছিঙত খুন্দা মাৰিছে। ইয়াৰ ফলত ইজৰাইলৰ সেনা হতাহতি হয়।

ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে জনোৱা মতে, কেৰেম শ্বালমৰ পৰা প্ৰায় ৩.৬ কিলোমিটাৰ দক্ষিণে গাজাৰ ৰাফাহ ক্ৰছিঙৰ ওচৰৰ এটা অঞ্চলৰ পৰা ১০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে। অসামৰিক আশ্ৰয় শিবিৰৰ পৰা প্ৰায় ৩৫০ মিটাৰ দূৰত্বত অৱস্থিত এটা সুবিধাৰ পৰা এই ৰকেট নিক্ষেপ কৰা হয়। কিন্তু পিছত তেওঁলোকে লঞ্চাৰখন আৰু ওচৰৰ সামৰিক ইনষ্টলেশ্যন এটা ধ্বংস কৰি পেলায়।

Leave A Reply

Your email address will not be published.