তীব্ৰ খাদ্য সংকট আৰু সুৰক্ষিত আশ্ৰয়স্থলৰ অভাৱত গ্ৰামাঞ্চলত সঘনে পৰিলক্ষিত হৈছে এটাৰ পিছত আনটো অজগৰ ৷ এই অজগৰসমূহে মানুহৰ বসতিস্থলত ভোকৰ তাড়নাত হাঁহ-মুৰ্গী খাবলৈ বাধ্য হয় আৰু একাংশ গঞা ৰাইজে নিৰ্বিচাৰে ইহঁতক বধ কৰে ৷ এনে এটা অজগৰ আজি আহাৰৰ সন্ধানত জেৰেঙা গাৱঁৰ ধাননি পথাৰত আশ্ৰয় লৈ থকা অৱস্থাত দাৱনীসকলে প্ৰত্যক্ষ কৰি প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ কৰ্মকৰ্তা নগেন পাটৰক খৱৰ দিয়ে আৰু তেখেতে ততালিকে উক্ত স্থানত উপস্থিত হৈ অজগৰটো উদ্ধাৰ কৰিবলৈ মঞ্চৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনায় ৷ ইয়াৰ পূৰ্বেও প্ৰকৃতিপ্ৰেমী মঞ্চ অসমে নগেন পাটৰৰ তত্বাবধানত জেৰেঙা গাঁৱৰ পৰা পাঁচোটাকৈ সৰু-বৰ অজগৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ অৱশেষত মঞ্চই উক্ত অজগৰটো তেতেলীয়া পাহাৰৰ সুৰক্ষিত অঞ্চলত মুকলি কৰি দিয়ে ৷ জেৰেঙা গাঁৱৰ ৰাইজৰ সৰ্প সংৰক্ষণৰ ক্ষেত্ৰত থকা সজাগতা আৰু দায়বদ্ধতাক প্ৰকৃতিপ্ৰেমী মঞ্চ অসমে সলাগ লয় ৷