ভাৰত-ভূটান সীমান্তৰ নতুন বস্তি আঙাৰকাটাত মাদক দ্ৰব্য বন্ধ কৰাৰ বাবে আজি তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেল আয়োজন কৰে স্থানীয় ৰাইজে। সংবাদমেলত জনোৱা মতে ২০২০ চনৰ পৰা অজিত বিশ্বাস নামৰ লোক গৰাকীয়ে বিদ্যালয়ৰ সন্মুখত মাদক দ্ৰব্যৰ ব্যৱসায় আৰম্ভ কৰে যদিও স্থানীয় ৰাইজে মাদক দ্ৰব্যৰ ব্যৱসায় খন বন্ধ কৰাৰ বাবে তামুলপুৰ জিলা প্ৰশাসনক অনুৰোধ কৰে যদিও আজি পৰ্যন্ত মাদক দ্ৰব্য বন্ধ নকৰাত স্থানীয় ৰাইজৰ মাজত সন্দেহ ওপজে। স্থানীয় ৰাইজে তামুলপুৰ জিলা প্ৰশাসনক অনতিপলমে মাদক দ্ৰব্যৰ ব্যৱসায় বন্ধ কৰাৰ বাবে আহ্বান জানাই।