Daily Time Axom

সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অভাৱ

0 31

১৯৯৪ চনৰ ২৯ মে’ তাৰিখে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াই সৰভোগৰ ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ শুভ উদ্বোধন কৰিছিল,২৯ বছৰ ১১ মাহ ১৪ দিন হোৱা সৰভোগ সমূহীয়া চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক আৰু চিকিৎসা সামগ্ৰী নহোৱাৰ ফলত ৰোগী সকল হাৰাশাস্তিৰ সন্মুখিন হবলগীয়া হৈছে,বৰ্তমান চিকিৎসালয়খনত MBBS ডক্টৰ দুজন আৰু আয়ুৰ্বেদিক ডক্টৰ দুজন আছে,এই চাৰিজন ডক্টৰে বৃহত্তৰ বৰনগৰ অঞ্চলৰ ৰোগী সকলৰ চিকিৎসা কৰি আহিছে,যাৰফলত এজনে চিকিৎসকে দিনটোত ১৫/১৬ ঘণ্টা সেৱা আগবাঢ়বালৈ লাগে,চিকিৎসালয়খনত নাই গৰ্ভৱতী মহিলা সকলৰ বাবে প্ৰসূতি বিভাগৰ ডক্টৰ,নাই শিশু সকলৰ বাবে শিশু ডক্টৰ,এনেকৈ বৰ্তমান চিকিৎসালয়খনত চলিছে চিকিৎসা সেৱা৷

Leave A Reply

Your email address will not be published.