জলাহগাঁৱত মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য,বিদ্যুৎপৃষ্ঠ হ’ল চালক

নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত আৰু নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ চলচলি জলাহগাঁৱত আজি পুৱাই এক শোকাৱহ ঘটনা সংঘটিত হয়। চলচলি জলাহগাঁৱত দীৰ্ঘদিনে মাটি কঢ়িওৱা ডাম্পাৰে চলাই অহা সন্ত্ৰাসে আজি পুৱাই ভয়াৱহ ৰূপ ধাৰণ কৰে। দিনে-নিশাই মাটি কঢ়িওৱা ডাম্পাৰে জলাহগাৱঁত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা সময়তে আজি পুৱা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি AS02CC7834 নম্বৰৰ ডাম্পাৰসহ বিদ্যুৎ পৃষ্ঠ হয় চালকজন। ফলত ডাম্পাৰখনৰ চালক বামুনীৰ আব্দুল ৰফিক ঘটনাস্থলীতে নিহত হয় । উল্লেখ্য যে দীৰ্ঘদিন ধৰি চলচলিৰ জলাহগাঁৱত মাটি কঢ়িওৱা ডাম্পাৰ সমূহে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল কিন্তু স্থানীয় ৰাইজে স্থানীয় আৰক্ষীৰ লগতে বন বিভাগকো এই বিষয়ে অভিযোগ কৰি আহিছিল যদিও বন বিভাগ আৰু আৰক্ষীয়ে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ ফলশ্ৰুতিত আজি এই ভয়াৱহ ঘটনাটো সংঘটিত হ’ল। যাৰ বাবে এতিয়া স্থানীয় ৰাইজে আৰক্ষী আৰু বন বিভাগৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে। উল্লেখ্য যে একাংশ লোকে আৰক্ষী আৰু বন বিভাগক মেনেজ কৰি অবৈধভাৱে মাটি খনন কাৰ্য চলাই আহিছিল চলচলি জলাহগাঁৱত।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment