আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম শিষ্য তথা নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মোৎসৱ। ১৪৮৯ চনত লক্ষীমপুৰৰ নাৰায়ণপুৰত গোবিন্দগিৰি আৰু মনোৰমা আইৰ ঔৰসত জন্ম হোৱা মহাপুৰুষজনাই শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্যত এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভড়াললৈ মেটমৰা অৱদান আগবঢ়াই ১৫৯৬ চনত কোচবিহাৰত ইহলীলা সম্বৰন কৰে। বাৰকুৰি বৰগীতৰ( বৰ্তমান ১৫৭ টা উপলব্ধ) স্ৰষ্টা মহাপুৰুষ মাধৱদেৱৰ অসমীয়া সমাজ জীৱনলৈ অৱদান অপৰিসীম।আজি গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে পুৱাৰে পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ ,নামঘৰ সমূহ। সকলোৱে গুণানুকীৰ্তন কৰিছে বঢ়াৰ পোৰ সৃষ্টিৰাজিৰ। ধ্বনিত হৈছে হাজাৰী ঘোষা।সুদূৰ নগাপাহাৰৰ পৰা অকোৱা পকোৱা বাটেৰে বাটকুৰি বাই বৈ অহা বুঢ়ীদিহাৰ পাৰত গুৰুজনাই চাৰিখুটি স্থাপন কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজি পুৱাৰে পৰাই হৰিনামৰ ধ্বনি উঠিছে।প্ৰবাদ অনুসৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ ধৰিবলৈ বুঢ়ীদিহাই ভটিয়াই আহোতে ঢেকীয়াখোৱাৰ এহাল বৃদ্ধ দম্পত্তিৰ ঘৰত এৰাতি কটাইছিল। দুখীয়া বৃদ্ধ দম্পত্তিয়ে নিশা ঢেকীয়া শাকেৰে মাধৱক ৰাতিৰ অন্ন ৰান্ধি খুৱাইছিল।আৰু পুৱাৰভাগত নদীৰ কাষত এজোপা ঔটেঙা গছৰ পৰা এটা ঔটঙা ছিঙি আনি ,তাৰে এটি পতোৱা এৰুৱাই চাৰিখুটি মাৰি জ্বলাইছিল এগছি বন্তি। তেতিয়াৰে পৰাই মহাপুৰুষ জনাই জ্বলাই যোৱা চিৰ প্ৰজ্বলিত বন্তিগছিয়ে আজিও সমাজত বিলাই আহিছে আধ্যাত্মিকতাৰ পোহৰ।সেয়ে ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্বৰ দৰে এইবাৰো উলহ মালহে গুৰুজনাৰ জন্মজয়ন্তীভাগ দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে।পুৱা উষা কীৰ্ত্তন,অক্ষয় বন্তিত তেল অৰ্পণ নাম প্ৰসংগ,দিহা নাম আদি বিভিন্ন কাৰ্যসূচীৰ পাছতে সমূহ ৰাইজৰ সহযোগত ভাগৱত ভ্ৰমণ ও সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।উক্ত কাৰ্যসূচীত ঢেকীয়াখোৱা অঞ্চলৰ ৰাইজৰ লগতে সমগ্ৰ উজনি অসমৰ বহুসংখ্যক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় আৰু সমগ্ৰ পৰিবেশ আধ্যাত্মিক কৰি তোলে।ইপিনে সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতে মূল নাম আৰু তাৰ পাছতে এক ধৰ্মালোচনী সভা,কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা তথা মহাপুৰুষজনাৰ অমৰ সৃষ্টিৰাজিৰ চৰ্চা আৰু নিশা লৈ ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।