উত্তৰ পাপুয়া নিউগিনিৰ এখন দুৰ্গম গাঁৱত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনত প্ৰায় ১০০ জন লোকৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে পুৱা প্ৰায় ৩ বজাত দেশৰ ঙা প্ৰদেশৰ কাওকালাম গাঁৱত ভূমিস্খলন সংঘটিত হয়।
জনা যায় যে গভীৰ টোপনিৰ মাজতে গোটেই গাঁওখন চকুৰ পলকতে মাটিৰ তললৈ যায়। গাঁৱৰ বেছিভাগ মানুহ শুই আছিল। পাহাৰৰ এটা অংশ ভাঙি পৰে। মৃত্যুৰ সংখ্যা ১০০ৰো অধিক হোৱাৰ সম্ভাৱনা আছে। মাটিৰ তলৰ পৰা মৃতদেহ উদ্ধাৰৰ কাম চলি আছে।
অৱশ্যে মৃতকৰ সংখ্যাৰ সত্যাসত্য নিৰূপণ কৰিব পৰা নাই। ইফালে, ভূমিস্খলনৰ ফলত বেৰিক গোল্ডৰ দ্বাৰা পৰিচালিত পৰ্গেৰা সোণৰ খনিৰ কাম-কাজ ব্যাহত হৈ পৰিছে। তেওঁলোকৰ লোকচানৰ বিষয়ে এতিয়াও একো কোৱা নাই কোম্পানীটোৱে। দেশৰ চৰকাৰী বিষয়া আৰু আৰক্ষীয়েও কোনো মন্তব্যৰ সঁহাৰি দিয়া নাই।
Prev Post
Next Post