সৰভোগত ৰাইজে ধৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰী,১২ গ্ৰাম ড্ৰাগছসহ নকল টকা আৰু এখন বাইক উদ্ধাৰ সৰভোগ আৰক্ষীৰ।সম্প্ৰতি নিষিদ্ধ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে সমগ্ৰ বৰপেটা জিলা।আজি পুণৰ সৰভোগত দুজন অবৈধ ড্ৰাগছ সৰবৰাহকাৰী সহ ১২ গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ,নকল নোট আৰু সৰবৰাহকাৰী দুজনে ব্যৱহাৰ কৰা এখন বাইক উদ্ধাৰ কৰে সৰভোগ আৰক্ষীয়ে।জানিব পৰা মতে সৰভোগৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ বাৰেগাঁও কট পুখুৰী মুক্তি ধামৰ ওচৰত চিৰাং জিলাৰ জাহাংগীৰ আলমে বজালী জিলাৰ ধুমাৰকুৰৰ আলাল আলীক নিষিদ্ধ ব্ৰাউন চুগাৰখিনি বিক্ৰী কৰি থকা সময়তে ৰাইজে দুয়োকে হাতে লুটে কৰায়ত্ত কৰি সৰভোগ থানাত খবৰ দিয়ে। পিছত সৰভোগ থানাৰ আৰক্ষী উপস্থিত হৈ নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা ১২ গ্ৰাম নিষিদ্ধ ড্ৰাগছ, দুখন নকল পাঁচশ টকীয়া নোট, এটা মোবাইল ফোন আৰু AS 26G 0632 নম্বৰৰ টিভিএছ বাইক উদ্ধাৰ কৰে।উল্লেখ্য যে জিলাখনত নিষিদ্ধ ড্ৰাগছৰ প্ৰচলন দিনক দিনে বৃদ্ধি পোৱাত সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।