Daily Time Axom

ৰাজস্থানত হিটষ্ট্ৰ’কত ১২ জন লোকৰ মৃত্যু

0 27

ৰাজস্থানত গৰমৰ ফলত ১২ জন লোকৰ মৃত্যু। অৱশ্যে আনুষ্ঠানিকভাৱে মানি লোৱা নই কোনেও। জালৌৰত ৪ জন লোকৰ মৃত্যু। বৃহস্পতিবাৰে তাপমাত্ৰা ৪৮ ডিগ্ৰী অতিক্ৰম কৰা বাৰ্মেৰত দুজনৰ মৃত্যু হয়। আলৱাৰ, ভিলৱাৰা, বালোতৰা আৰু জয়ছালমেৰৰ পৰাও মৃত্যুৰ খবৰ পোৱা গৈছে। ৰাজস্থানৰ মন্ত্ৰী কিৰোৰী লাল মীনাই কয় যে চৰকাৰে মৃতকৰ পৰিয়ালক সহায় কৰিব। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে তাপমাত্ৰা বৃদ্ধি পোৱা বুলিও তেওঁ দাবী কৰে। লগতে তেওঁ কয় যে গ্ৰীষ্মকালত সকলোৱে সাৱধান হ’ব লাগে। পঞ্জাৱ, হাৰিয়ানা, গুজৰাট, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশতো ৪৫ ডিগ্ৰী তাপমাত্ৰা ৰেকৰ্ড কৰা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। ইতিমধ্যে আই এম ডিয়ে ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লীৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। লগতে আগন্তুক তিনিদিনলৈ এই উষ্ণতা অব্যাহত থাকিব বুলিও জানিবলৈ দিয়ে আই এম ডিয়ে।

Leave A Reply

Your email address will not be published.