প্ৰায় সাত লাখ ভুৱা মোবাইল জব্দ কৰিছে কেন্দ্ৰীয় চৰকাৰে

কেন্দ্ৰীয় চৰকাৰে ৬ লাখ ৮০ হাজাৰ মোবাইল ফোনক ভুৱা আৰু অকাৰ্যকৰী বুলি চিনাক্ত কৰিছে। জানিব পৰা মতে, এই মোবাইলৰ কানেকচন ভুৱা তথ্যৰে লোৱা হৈছে। ইতিমধ্যে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ে টেলিকম বিভাগসমূহক মোবাইল নম্বৰৰ সবিশেষ পুনৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে।

সেই নম্বৰসমূহৰ তথ্য পুনৰ পৰীক্ষা কৰিবলৈ সেৱা প্ৰদানকাৰীসকলক ৬০ দিনৰ সময় দিয়া হৈছে। জনোৱা মতে, যিবোৰ নম্বৰৰ তথ্য পৰীক্ষা কৰিব নোৱাৰিব সেইবোৰৰ সংযোগ বিচ্ছিন্ন কৰা হ’ব।

AssamDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment