Daily Time Axom

দেশত আজি ৫৮টা সমষ্টিত ভোটগ্ৰহণ চলি আছে, ৮৮৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব

0 51

দেশত চলি আছে ষষ্ঠ পৰ্যায়ৰ লোকসভাৰ ভোটগ্ৰহণ। আজি দেশৰ ৫৮টা সমষ্টিত অব্যাহত আছে ভোটদান। কেন্দ্ৰীয় শাসিত অঞ্চলৰ এখন আসনতো ভোটদান চলি আছে।
বিহাৰ আৰু বংগৰ আঠটাকৈ সমষ্টিত আৰু দিল্লীৰ সাতখন আসনত ভোটদান চলি আছে।

হাৰিয়ানাৰ দহটা সমষ্টিতো চলি আছে ভোটগ্ৰহণ।

ঝাৰখণ্ডৰ চাৰিটা আৰু উত্তৰ প্ৰদেশৰ ১৪টা সমষ্টিতো ভোটদান চলি আছে।

জম্মু-কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰীত চলি আছে ভোটগ্ৰহণ।

ইয়াৰ উপৰিও উড়িশাৰ ছটা সমষ্টিত ভোটদান চলি আছে। লগতে ৪২টা সমষ্টিৰ বাবে উড়িশা বিধানসভাৰ ভোটগ্ৰহণ চলি আছে।

আজিৰ দিনটোত ১১ কোটিৰো অধিক ভোটাৰে ভোটদান কৰি ৮৮৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

ষষ্ঠ পৰ্যায়ৰ গুৰুত্বপূৰ্ণ প্ৰাৰ্থীৰ ভিতৰত কংগ্ৰেছ (উত্তৰ-পূব দিল্লী)ৰ কানহাইয়া কুমাৰ। তেওঁৰ প্ৰতিদ্বন্দ্বী বিজেপিৰ মনোজ তিৱাৰী। নতুন দিল্লী সমষ্টিত আপৰ মন্ত্ৰী সোমনাথ ভাৰতীৰ বিৰুদ্ধে যুঁজ দিছে প্ৰয়াত সুষমা স্বৰাজৰ কন্যা বংশুৰিয়ে।

হাৰিয়ানাত বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰ (কৰ্ণাল), উদ্যোগপতি নবীন জিন্দল (কুৰুক্ষেত্ৰ) আৰু কংগ্ৰেছৰ ৰাজ বব্বৰ (গুৰুগ্ৰাম)ৰ মাজত। উত্তৰ প্ৰদেশৰ চুলতানপুৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিৰ মানেকা গান্ধীয়ে। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশে আজমগড়ত নিজৰ খুলশালীয়েক ধৰ্মেন্দ্ৰক ফিল্ডিং কৰাইছে। বিহাৰৰ পূব চম্পাৰণত নৰেন্দ্ৰ মোডীৰ কেবিনেট সদস্য ৰাধামোহন সিং আৰু উড়িশাৰ সম্বলপুৰত ধৰ্মেন্দ্ৰ প্ৰধান প্ৰাৰ্থী। উড়িশাৰ পুৰীত বিজেপিৰ সৰ্বভাৰতীয় মুখপাত্ৰ সম্বিত পাত্ৰৰ মুখামুখি। অনন্তনাগ-ৰাজৌৰীত নিৰ্বাচনত অৱতীৰ্ণ হৈছে পিডিপিৰ সভাপতি তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি।

দেশবাসীক ভোট দিবলৈ আহ্বান জনাই মোদীয়ে এক্সে হেণ্ডেলত লিখিছে, “সকলোকে ভোট দিবলৈ অনুৰোধ কৰিছো। প্ৰতিটো ভোটেই গুৰুত্বপূৰ্ণ। গণতন্ত্ৰ তেতিয়াই লাভৱান হয় যেতিয়া মানুহ নিৰ্বাচনী প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে জড়িত হয়। মহিলা ভোটাৰ আৰু যুৱক-যুৱতীসকলক বৃহৎ সংখ্যক ভোটদান কৰিবলৈ আহ্বান জনাইছো।”

Leave A Reply

Your email address will not be published.