পূৱ মঙ্গলদৈ উন্নয়ন খণ্ডৰ বালাবাৰী গাঁও পঞ্চায়তত জল জীৱন আঁচনিত অনিয়মৰ অভিযোগ

আঁচনিৰ পানী পৰিষ্কাৰ নোহোৱাৰ অভিযোগ ।
আঁচনি মুকলি কৰাৰ পূৰ্বেই এই অভিযোগ।
পানী সম্পূৰ্ণ ৰূপে পৰিষ্কাৰ কৰি আঁচনি মুকলি কৰাৰ আহ্বান ৰাইজৰ।

দৰং জিলাৰ পূৱ মঙ্গলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত বালাবাৰী গাঁও পঞ্চায়তৰ অধীনস্থ যোগিপাৰাত নিৰ্মাণ হৈছে এক জল জীৱন মিছন আঁচনি । আঁচনি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে যদিও আজিলৈ গাঁও পঞ্চায়তক দায়িত্ব সমজি দিয়া নাই বিভাগীয়ভাবে । আনকি পানী পৰিষ্কাৰ নোহোৱাৰ বাবে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰে । যাৰ বাবে আজিলৈ আঁচনিটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা নাই। এতিয়া স্থানীয় ৰাইজৰ এটাই দাবী যিকোনো প্ৰকাৰেৰে প্রকল্পটোৰ পানী খোৱা উপযোগী কৰি দিব লাগে আৰু বিশুদ্ধ নকৰালৈকে ৰাইজে আঁচনিৰ হস্তান্তৰ প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ দাবী জনায় ।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment