Daily Time Axom

মিত্ৰতাৰ সিদ্ধান্তৰ দ্বাৰা নিৰ্বাচিত হ’ব প্ৰধানমন্ত্ৰীঃ খৰ্গে

0 36

ভাৰতৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ’ব ? ইণ্ডিয়া এলায়েন্সৰ নেতাসকলৰ মনত এতিয়া এই প্ৰশ্ন। ইয়াৰ উত্তৰ বিচাৰি সকলোৱে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ ফালে চাই আছে। খৰ্গে কয়, যদি আমি চৰকাৰ গঠন কৰিব পাৰো তেন্তে সকলো নেতাই বহি আলোচনা কৰি প্ৰধানমন্ত্ৰীক বাছনি কৰিব। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ গঠন হোৱা মিত্ৰতাত প্ৰধানমন্ত্ৰীৰ কোনো মুখ নাছিল বুলিও খৰ্গে সোঁৱৰাই দিয়ে।

২০০৪ চনত কংগ্ৰেছ নেতাসকলে ছোনিয়া গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছিল। কিন্তু তেওঁ নাকচ কৰিলে। তাৰ পিছত ২০০৯ চনত কংগ্ৰেছে ২০৯খন আসন লৈ চৰকাৰ গঠন কৰে। সেই সময়ত ইউ পি এ মিত্ৰজোঁট গঠন কৰি ১০ বছৰ চৰকাৰ চলাইছিল। প্ৰধানমন্ত্ৰী পদৰ বাবে কংগ্ৰেছক বিজেপিয়ে কৰা ঠাট্টা-মস্কৰাৰ উত্তৰ ফলাফল ঘোষণাৰ দিনাই দিয়া হ’ব বুলিও তেওঁ কয়।

Leave A Reply

Your email address will not be published.