শণিবাৰে নিশা আমিনগাঁৱত সংঘটিত হ’ল এক শিহৰণকাৰী ঘটনা ।
গেলা গৰমত শৰীৰত পৰিল গৰম তেল।
কথা লগাই ঘৰভঙা মহিলাৰ বিচাৰ কৰিবলৈ যোৱা মহিলা দলক ধালিলে গৰম তেল ।
নুমলী জলাহৰ জোনালী কলিতাই হোটেলৰ গৰম তেল ধালি অমানবীয় আচৰণ কৰিলে সাত মহিলাৰ ওপৰত।
গৰম তেল পৰি আহত হোৱা সকলক ভৰ্তি কৰা হয় চিকিৎসালয়ত ।
এগৰাকীক সংকটজনক অৱস্থাত জি এম চি এইচলৈ কৰা হয় প্ৰেৰণ।
অভিযুক্ত জোনালী কলিতাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।