Daily Time Axom

গছপুলি ৰুই এজন যুৱকে দেখুৱাইছে আৰ্দশ

0 33

ৰাজ্য চৰকাৰে ৰাজকোষৰ টকা শৰাধ কৰি বিগত বৰ্ষটিত ৰোপণ কৰা গছপুলি সমূহ আজি বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে । চৰকাৰে ৰাজকোষৰ ধন নিৰ্বিচাৰে খৰছ কৰাৰ সময়খিনিতে নিজৰ গাঁঠিৰ ধন ভাঙি সেউজ পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰি এজন যুৱকে দেখুৱাইছে আৰ্দশ ৷ যুৱকজন নগাঁও জিলাৰ চলচলি জলাহগাৱঁৰ । চৰকাৰে ৰোৱা গছপুলি বিচাৰি হাবাথুৰি খাবলগীয়া হোৱাৰ সময়তে নিজা প্ৰচেষ্টাৰে প্ৰায় এই বৰ্ষত ৩৫০ৰো অধিক গছপুলি ৰোপণ কৰি প্ৰখৰ ৰ’দতো প্ৰতিপালনত লাগি আছে ধন্টী শ‌ইকীয়া নামৰ যুৱকজন। উল্লেখ্য যে ধন্টী শ‌ইকীয়াই ১৯৯৯চনৰ পৰা ৰোপণ কৰি আহিছে গছপুলি। ১৯৯৯চনৰ পৰা আজি পৰ্যন্ত ধন্টী শ‌ইকীয়াই ৰোপন কৰিছে এহেজাৰৰো অধিক গছপুলি।

Leave A Reply

Your email address will not be published.