Daily Time Axom

তীব্ৰ গৰমত চুলিৰ যত্ন কেনেকৈ ল’ব

0 41

এই প্ৰচণ্ড গৰমত ছাল আৰু চুলিৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰে। ছানস্ক্ৰীনে ছালত ৰ’দৰ প্ৰভাৱ কমোৱাত সহায় কৰিব পাৰে যদিও চুলিক অধিক যত্নৰ প্ৰয়োজন। দীৰ্ঘদিন ধৰি ৰ’দত থাকিলে চুলিৰ ক্ষতি হয় সেয়া কোনো গোপন কথা নহয়। লগতে প্ৰদূষণৰ বাবে মূৰৰ ছালত ধূলি, মলি, চেবাম জমা হয়। ফলত সমস্যা বাঢ়ি যায়।
গতিকে কি কৰিব?
প্ৰথমে যেতিয়াই বাহিৰলৈ ওলাই যায় তেতিয়াই চুলিখিনি ঢাকি যাব। টুপী বা স্কাৰ্ফ পিন্ধি ৰ’দৰ সংস্পৰ্শ কম কৰিবলৈ চেষ্টা কৰক। ই চুলি আৰু মূৰৰ ছালক ৰ’দৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব। ৰাসায়নিক পদাৰ্থ থকা প্ৰসাধন সামগ্ৰীৰ পৰিৱৰ্তে প্ৰাকৃতিক উপাদানৰে তৈয়াৰী সামগ্ৰী ব্যৱহাৰ কৰক।
চুলিত ৰং কৰিবলৈ ভাল পায়? ৰাসায়নিক ৰংৰ পৰিৱৰ্তে জৈৱিক আৰু প্ৰাকৃতিক হেনা বাছি লওক। ৰাসায়নিক ৰংত এমোনিয়া আৰু ডেৰাইভেটিভ থাকে। ইয়াৰ ভিতৰত ইথান’লামাইন, ডাইইথাইলামাইন আৰু ট্ৰাইইথান’লামাইন অন্যতম। এইবোৰৰ সংস্পৰ্শলৈ আহিলে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

কেমোমিল, অলিভ আৰু নাৰিকল তেলৰ দৰে বনৌষধিবোৰে আপোনাৰ মানসিক চাপত থকা চুলিৰ বাবে যাদুৰ কাম কৰিব পাৰে। চুলিত এই উপাদানসমূহ থকা হেয়াৰ মাস্ক ব্যৱহাৰ কৰক। ৪০ মিনিট ৰাখি ধুই পেলাওক। আপুনি ভাল ফলাফল পাব।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল হাইড্ৰেটেড হৈ থকা। ইয়াৰ বাবে প্ৰচুৰ পৰিমাণে ফলমূল আৰু পানী খাব লাগে।
হেয়াৰ ড্ৰাইয়াৰ আৰু ষ্ট্ৰেইটেনাৰ অতিমাত্ৰা ব্যৱহাৰ নকৰিব। ইয়াৰ ফলত চুলি সৰা বেছি হয়।

Leave A Reply

Your email address will not be published.