Daily Time Axom

নগাঁৱৰ বেবেজীয়াত জুবিন গাৰ্গে মুকলি কৰিলে C S I ৰ ফ্ৰেন্সাইজি

0 35

অসমীয়া যুৱক এনেদৰে ব্যৱসায় ক্ষেত্ৰলৈ উলাই অহাতো জাতিটোৰ বাবে শুভবাৰ্তা ৷

নগাঁৱৰ বেবেজীয়া ডিমৌ বাইপাছত আজি শনিবাৰে নিশা প্ৰায় ৯ বজাত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে মুকলি কৰিলে CAR SQUAD INDIA ৰ ফ্ৰেন্সাইজি আউটলেট । বেবেজীয়াৰ ডিমৌত ‘বিজয়া এছ মটৰ্ছ’ নামৰ এই ফ্ৰেন্সাইজিটো ফিটা কাটি এগছি বন্তি প্ৰজ্বলন আৰু এটা কেক্ কাটি মুকলি কৰে অসমৰ জনপ্ৰিয় শিল্পীগৰাকীয়ে । ইয়াৰ পিছতেই সংবাদ মাধ্যমৰ আগত শিল্পীগৰাকীয়ে কয় যে অসমীয়া যুৱক এনেদৰে ব্যৱসায় ক্ষেত্ৰলৈ উলাই অহাতো জাতিটোৰ বাবে শুভ বাৰ্তা ৷ ব্যৱসায়ী ক্ষেত্ৰখন এখন বৃহৎ জগত ৷ এইক্ষেত্ৰ খনত আমাৰ যুৱক যুৱতী সকল নিজে উলাই অহাতোবেই এটা ডাঙৰ কথা ৷ নগাঁৱৰ বেবেজীয়াৰ উদীয়মান যুৱক অমৰজিতে এইক্ষেত্ৰত সফলতা লাভ কৰক তাৰেই কামনা কৰাৰ লগতে তেওঁ কয় প্ৰতিষ্ঠান খন খুৱ ভাল ঠাইত স্থাপন কৰা হৈছে ৷ ইয়াৰ দ্বাৰা মধ্য অসমৰ লগতে বহুকেইখন জিলাই সুবিধা লাভ কৰিব পাৰিব ৷
আনহাতে,’কা’ৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে ‘কা’ এটা ফটোৱা বস্তু । ইয়াৰ লগতে বৰ্তমান তেওঁ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ অসমৰ ৰাইজক প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত মনোযোগ দিবলৈ আহ্বান জনোৱাৰ লগতে জুবিন গাৰ্গ ফেন ক্লাৱে এইক্ষেত্ৰত কাম কৰি থকাৰ কথা প্ৰকাশ কৰে । ইপিনে শিল্পী জুবিন গাৰ্গে বৰ্তমান দুখনকৈ অসমীয়া ছিনেমা কাম কৰি থকাৰ বিষয়ে উল্লেখ কৰে । উল্লেখ্য যে, আজিৰ এই উদ্ধোধনী অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ নগাঁৱৰ আউলেটৰ স্বত্বাধিকাৰী অমৰজিৎ শৰ্মা,গুৱাহাটী আউলেটৰ সঞ্চালিকা প্ৰিয়ংকা দত্ত আদিকে ধৰি চি এছ আইৰ বিষয়াবৰ্গ আৰু নগাঁৱৰ স্বতাধিকাৰী অমৰজিৎ শৰ্মাৰ পৰিয়ালবৰ্গৰ লগতে সহস্ৰাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.