আমেৰিকাত টৰ্নেডোৰ ফলত ১৮ জন লোকৰ মৃত্যু

আমেৰিকাৰ চাৰিখন ৰাজ্যত ভয়াৱহ টৰ্নেডো আৰু ধুমুহাৰ ফলত কমেও ১৮ জন লোকে প্ৰাণ হেৰুৱাইছে। টৰ্নেডোৰ ব্যাপক ধ্বংসলীলাত হাজাৰ হাজাৰ ঘৰ ধ্বংস হয়। সোমবাৰে (২৭ মে’) চিএনএনে প্ৰকাশ কৰা অনুসৰি ওকলাহোমা, টেক্সাছ আৰু আৰ্কান্ সাছত যথেষ্ট ক্ষতিসাধন হৈছে। ইয়াৰে কেৱল টেক্সাছতে ৭ জন লোকৰ মৃত্যু হৈছে।
শনিবাৰে গভীৰ নিশা দক্ষিণ সমভূমি অঞ্চলত ধুমুহাৰ সৃষ্টি হয়। লাখ লাখ লোক বিদ্যুৎহীন হৈ পৰিল। তাত উদ্ধাৰ অভিযান চলি আছে।

টেক্সাছৰ কুক কাউন্টি শ্বেৰিফৰে চেপিংটনে এখন সংবাদমেলত কয় যে ডালাছৰ উত্তৰত অৱস্থিত ভেলী ভিউ অঞ্চলত টৰ্নেডোৰ ফলত সাতজন লোকৰ মৃত্যু হৈছে। টৰ্নেডো আৰু ধুমুহাৰ ঢৌৰ ফলত কিছু ঘৰ আৰু গেছ ষ্টেচন ধ্বংস হয়। এটা ৰাস্তাত বাগৰি পৰিল কিছুমান গাড়ী।
শনিবাৰে গভীৰ নিশা মেয়ছ কাউন্টিত টৰ্নেডোৱে আঘাত হানি কমেও দুজন লোকৰ মৃত্যু হয়। কাউন্টি ইমাৰ্জেন্সি মেনেজমেণ্টৰ মুৰব্বী জাঞ্জেনে টালছাত ফক্স নিউজৰ সৈতে জড়িত সংবাদ মাধ্যমক এইদৰে কয়।
দেওবাৰে পুৱা আৰ্কান্ সাছত ধুমুহাত ৫ জন লোকৰ মৃত্যু হয়। এই তথ্য নিশ্চিত কৰিছে এবিচিৰ স্থানীয় ষ্টেচন কেএটিভিকে। ধুমুহাৰ ফলত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ লগতে গছ উভালি পৰে। কিছুমান অঞ্চলত ক্ষন্তেকীয়া বানপানীৰ সৃষ্টি হৈছে।
কেন্টাকিৰ লুইছভিলত এজন লোকৰ মৃত্যুও হোৱা বুলি মেয়ৰ ক্ৰেগ গ্ৰীনবাৰ্গে জনায়।

Daily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment