তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাত আৱকাৰি বিভাগৰ অভিযান

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাত আৱকাৰি বিভাগৰ অভিযান। ভুটানৰ পৰা অবৈধ ভাবে অনা ভূটানী সুৰা ভৰ্তি বাহন জব্দ তামুলপুৰ আবকাৰী বিভাগৰ। এ এছ 01-BD-6206 নম্বৰৰ চাৰিচকীয়া বাহনেৰে লৈ আহিছিল সুৰাসমূহ। আৱকাৰি বিভাগৰ অভিযানৰ উমান পাই গাড়ী এৰি পলায়ন চালকৰ। উল্লেখ যে, একাংশই ভুটানৰ পৰা অবৈধ ভাবে সুৰা সমূহ আনি অব্যাহত ৰাখিছে অবৈধ ভূটানী সূৰাৰ ৰমৰমীয়া ব্যৱসায়।

তামুলপুৰ আৱকাৰি বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল বৈশ্যৰ নেতৃত্বত চলিছিল এই অভিযান। বাহনখনৰ পৰা উদ্ধাৰ কৰা হৈছে ২০ কাৰ্টুন অবৈধ ভূটানি সুৰা।

AssamAssamese NewsDaily time axomInternational
Comments (0)
Add Comment