বিহু সুৰক্ষা সমিতিয়ে প্ৰত্যেক বছৰৰ দৰে এইবাৰো কীৰ্তি ছাত্ৰ ছাত্ৰীক জনালে সম্বৰ্ধনা

বিহু সুৰক্ষা সমিতি অসম , গোলাঘাট জিলা সমিতি উদ্যোগত কমাৰবন্ধা আঞ্চলিক সমিতিৰ সহযোগত কীৰ্তি ছাত্ৰ ছাত্ৰী সকলক প্ৰত্যেক বছৰৰ দৰে এইবাৰো কমাৰবন্ধা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠান ভাগত উপস্থিত থাকে কেন্দ্ৰীয় বিহু সুৰক্ষা সমিতি অসমৰ সন্মানীয় প্ৰধান সম্পাদক শ্ৰীযুত ৰেৱ বৰা দেৱৰ লগতে ভিন্ন প্ৰান্তৰ বহু কেইজন সন্মানীয় শিক্ষাবিদ, আৰু বহু কেইজন সন্মানীয় সমাজসেৱক ব্যক্তি, বহুকেইজন কেন্দ্ৰীয় বিহু সুৰক্ষা সমিতিৰ সন্মানীয় বিষয় ববীয়া,আৰু বিহু সুৰক্ষা সমিতি অসমৰ গোলাঘাট জিলাৰ প্ৰচাৰ সম্পাদক তথা সাংবাদিকৰ লগতে সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত সন্মানীয় ব্যক্তি দিপক শইকীয়াৰ লগতে গোলাঘাট জিলা বিহু সুৰক্ষা সমিতি আৰু কমাৰবন্ধা আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলৰ উপৰিও ছাত্ৰ ছাত্ৰী সকলৰ অভিভাৱক সকল আৰু ভিন্ন প্ৰান্তৰ ৰাইজ । সম্বৰ্ধনা অনুষ্ঠানটোত সকলোৰে পৰিচিত হাছতি আৰু নাহৰ জেং বিহু দলে জেং বিহু প্ৰদৰ্শন কৰি সম্বৰ্ধনা অনুষ্ঠানটোত উপস্থিত থকা ৰাইজক আমোদ দিয়ে । তাৰ উপৰিও এইবাৰ গোলাঘাট জিলাৰ ভিতৰত বিহু বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা আঠখেলীয়া হায়াৰ চেকেণ্ডেৰীৰ ছাত্ৰ প্ৰজ্ঞালোচন বৰাৰ ঢোল বাদন আৰু গোলাঘাট জিলাৰ ভিতৰত হাই চেকেণ্ডেৰীত সৰ্বোচ্চ নম্বৰ লাভ কৰা নম্ৰতা বৰাৰ বিহু নাম আৰু সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা সকলো ৰাইজ একত্ৰিত হৈ বিহু প্ৰদৰ্শন কৰি সভাখনৰ সৌষ্ঠৱতা বৃদ্ধি কৰে। সভাখনত কেইবাজনো শিক্ষাবিদে সাৰুৱা বক্তব্য আগবঢ়াই, তাৰ উপৰিও কেইবাজনো ছাত্ৰ ছাত্ৰীয়েও বক্তব্য আগবঢ়ায়। সভাখনৰ সভাপতি আসন অলংকৃত কৰি সভাখন সুচাৰুৰূপে পৰিচালনা কৰে গোলাঘাট জিলা বিহু সুৰক্ষা সমিতিৰ সন্মানীয় সভাপতি হীৰেশ্বৰ সোণোৱালে, সভাখনৰ আঁতধৰে জিলা বিহু সুৰক্ষা সমিতিৰ সম্পাদক খগেন নাওশলীয়া ফুকনে।

AssamAssamese NewsDaily time axomGuwahatiIndiaWorld
Comments (0)
Add Comment