অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। সূত্ৰ অনুসৰি কেজৰিৱালৰ কিছু শাৰীৰিক পৰীক্ষা কৰিছে। সেই কাৰণে তেওঁ উচ্চতম ন্যায়ালয়ত জামিনৰ সময়সীমা কমেও ৭ দিনৰ বাবে বৃদ্ধি কৰিবলৈ আবেদন জনাইছে।
উচ্চতম ন্যায়ালয়ে কেজৰিৱালক ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। পিছদিনা আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিলে। মূলতঃ নিৰ্বাচনী প্ৰচাৰৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। প্ৰসংগক্ৰমে ২১ মাৰ্চত আবকাৰী গোচৰত দুৰ্নীতিৰ অভিযোগত ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। এই গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি দিল্লীৰ মুখ্যমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ত গোচৰ তৰে।